Show/Hide Keyboard Layout

আন্ধাৰ ৰাতি

- দিপেন বৰুৱা

আন্ধাৰ ৰাতি কোন বাৰু তই (হাঃ হাঃ হাঃ)

অকলে ফুৰিছ যাবি কলৈ ?

কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?

আন্ধাৰ ৰাতি কোন বাৰু তই

অকলে ফুৰিছ যাবি কলৈ ?

কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?

 

যায়ে যদি সৰি সৰি গোলাপৰে পাহ

অ’ এৰি থৈ ঠাৰিটি ধৰুৱা হুমুনিয়াহ !

যায়ে যদি সৰি সৰি গোলাপৰে পাহ !

অ’ এৰি থৈ ঠাৰিটি ধৰুৱা হুমুনিয়াহ !

পাহি মেলি কিয় ফুলিছিলে

পুৱাই ফুলনি জকেমকাই (হাঃ হাঃ হাঃ)

আন্ধাৰ ৰাতি কোন বাৰু তই

অকলে ফুৰিছ যাবি কলৈ ?

কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?

 

শূল পুতি ভুল কৰ কিয়

নিজই পাৱ দুখ, নিজেই পাৱ দুখ

ফুলৰ আঁৰত নেদেখিলি কাৰ সাপৰ মুখ

নায়ে যদি দিনৰ পোহৰ ৰাতিয়েই ভাল !

অ’ আন্ধাৰতে তেতিয়া হায় ইমান খৰ কাৰ ?

 

নজ্বলাবি চাকি নজ্বলাবি ...

পোহৰ পৰিলে বাট হেৰাই যায় (হাঃ হাঃ হাঃ)

আন্ধাৰ ৰাতি কোন বাৰু তই

অকলে ফুৰিছ যাবি কলৈ ? (হ: হাঃ হাঃ)

কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?

কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?

Hits: 1943